আজি ৭ মাৰ্চ

▶️১৯১১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ হিন্দী কবি-সাংবাদিক সচ্চিদানন্দ এইচ বাৎসায়নৰ জন্ম হৈছিল। ১৯৭৮ চনত তেওঁ লাভ কৰিছিল জ্ঞানপীঠ বঁটা।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক-জীৱনীকাৰ নন্দ তালুকদাৰৰ জন্ম হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই ফৰাছী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ মৃত্যু হৈছিল। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতি স্বৰূপে তেওঁ লাভ কৰিছিল ১৯২৬ চনৰ শান্তিৰ নোবেল বঁটা।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই বিশিষ্ট মাৰ্কিন জীৱ বিজ্ঞানী ডেভিদ বাল্টিমোৰৰ জন্ম হৈছিল। ১৯৭৫ চনত তেওঁ লাভ কৰিছিল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ জাৰ্মান বিজ্ঞানী অটো পল হেৰমান ডিলছৰ মৃত্যু হৈছিল। ১৯৫০ চনত তেওঁ লাভ কৰিছিল ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পণ্টৰ মৃত্যু হৈছিল।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই সুনীল গাভাস্কাৰ টেষ্ট ক্ৰিকেটত ১০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ৰূপে পৰিগণিত হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰ কন্ঠশিল্পী দীপালি বৰঠাকুৰৰ বিৱাহ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ৱেষ্ট বেংক পেলেষ্টাইনক এৰি দিয়াৰ কথা ঘোষণা ইজৰাইলৰ।
▶️২০০৫ চনৰ এই দিনটোতেই অসমৰ কনিষ্টবল নিযুক্তি কেলেংকাৰীক লৈ সদনত হুলস্থুলীয়া পৰিৱেশ।।

You might also like
Leave A Reply

Your email address will not be published.