বিমানবিহীন আকাশী যাত্ৰাৰ ন-প্ৰত্যাশা!

চাইকেল চলায়ো যাব পাৰিব আকাশেৰে!!

ইণ্টাৰনেচনেল ডেস্ক:

ল্পনা কৰকচোন এনে এখন পৃথিৱী য’ত মানুহে বিমান অবিহনেও আকাশী পথেৰে বিচৰন কৰিব পাৰে! পৰিবহণ ক্ষেত্ৰত কল্পনাতীত সংযোগেৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুচল পৃথিৱীৰ কল্পনা কৰকচোন।

উৰণীয়া চাইকেল এখন কিনিব নেকি?

বিজ্ঞান-কল্পকাহিনী, গল্প-উপন্যাসৰ চমৎকাৰ যেন লাগিলেও ই অবিশ্বাস্য বা অসম্ভৱ নহয়। আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ ব্ৰিটিছ উদ্ভাৱক জন ফ’ডেন আৰু য়ানিক ৰিডে আৱিষ্কাৰ কৰি উলিয়াইছে এখন উৰন্ত চাইকেল । এক্সপ্ল’ৰএয়াৰ পেৰাভেলো, এখন ফল্ডিং চাইকেল যি এটা লঘু ট্ৰেইলাৰেৰে গঠিত জৈৱ ইন্ধন চালিত পাংখাযুক্ত মটৰৰ দ্বাৰা সঞ্চালিত । ই আকাশত ৪,০০০ ফুট উচ্চতালৈকে আৰু ঘণ্টাত ২৫ মাইল পৰ্যন্ত গতি কৰিব পাৰে। উদ্ভাৱকে ব্যাপক উপলব্ধতাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ এক্সপ্ল’ৰএয়াৰ উৎপাদন কৰিবলৈ পুঁজিৰ সংকটত ভুগিলেও “বেছপ’ক প্ৰডাকচন”ৰ জৰিয়তে উদ্ভাৱনীমূলক সেৱা আগবঢ়াই সুচনা কৰিছে ন-প্ৰত্যাশাৰ।।

You might also like
Leave A Reply

Your email address will not be published.