ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিস্খলন!

মুষলধাৰ বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু কমেও ১১ লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

ণ্ডোনেছিয়াত ভয়ংকৰ ভূমিস্খলন। নাটুনা ৰিজেন্সিৰ এটা দ্বীপত সোমবাৰৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু কমেও ১১ লোকৰ। ভয়ংকৰ ভূমিস্খলনৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে বহুলোক। নাটুনাৰ চেৰাছান গাঁৱত বৰষুণৰ সমান্তৰালকৈ চাৰিওফালৰ পাহাৰৰ পৰা মাটি বাগৰি ঘৰৰ ওপৰত পৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ ঘটনা। এই তথ্য সদৰি কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সংস্থাৰ মুখপাত্ৰ আব্দুল মুহাৰীয়ে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে বিভাগীয় কতৃপক্ষই।

বৃহৎ সংখ্যক সেনা,আৰক্ষী আৰু স্বেচ্ছাসেৱক বাহিনীয়ে অব্যাহত ৰাখিছে জৰুৰীকালীন সাহায্য অভিযান ।ঘটনাস্থলীত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ লগতে প্ৰতিকূল বতৰে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ঋতুভিত্তিক বৰষুণৰ ফলত ১৭ হাজাৰ দ্বীপৰ শৃংখল ইণ্ডোনেছিয়াত সঘনাই ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হোৱাৰ ফলত ভূক্তভোগী হ’ব লগা হয় লাখ লাখ লোক ।।

You might also like
Leave A Reply

Your email address will not be published.