প্ৰচণ্ড বিস্ফোৰণত ৰক্তাক্ত হ’ল বাংলাদেশৰ ঢাকা!

বিস্ফোৰণত মৃত্যু কমেও ১৫ গৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰচণ্ড বিস্ফোৰণত ৰক্তাক্ত হ’ল বাংলাদেশৰ ৰাজধানী ঢাকা।বিয়লি প্ৰায় ৪:৫০ বজাত ঢাকাৰ গুলিস্তানৰ এটা ব্যস্ততাপূৰ্ণ অঞ্চলৰ অট্টালিকা এটাত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু কমেও ১৫ গৰাকী লোকৰ। বিস্ফোৰণত আহত হয় শতাধিক লোক।আহতসকলক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে। বিস্ফোৰণৰ কাৰণ বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত স্পষ্ট হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।

বিস্ফোৰণৰ পিছত ৫টা অগ্নিনিৰ্বাপক বাহিনীৰ দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।ঢাকাৰ গুলিস্তানৰ এটা ৫ মহলীয়া অট্টালিকাত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ।।

You might also like
Leave A Reply

Your email address will not be published.