পশ্চিম বংগত বজ্ৰপাতত মৃত্যু ১৪ জন লোকৰ!

 

নেচনেল ডেস্ক :

শ্চিম বংগত শোকাৱহ ঘটনা। বজ্ৰপাত পৰি মৃত্যু ১৪ জন লোকৰ। ৰাজ্যখনৰ পাঁচখন পৃথক পৃথক জিলাত মৃত্যু হৈছে এই লোকসকলৰ ।

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ৰাজধানী কলকাতাৰ সৈতে হাওৰা, হুগলী, উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা, পূব আৰু পশ্চিম বৰ্ধমান, মুৰ্শিদাবাদকে ধৰি দক্ষিণ বংগৰ বিস্তৃত অঞ্চলত ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাতো পৰিছিল। প্ৰচণ্ড বতাহ আৰু বৰষুণৰ সময়ত বজ্ৰপাতৰ ফলত পূব বৰ্ধমান জিলাত মৃত্যু হয় চাৰিজন লোকৰ । মুৰ্শিদাবাদ আৰু উত্তৰ ২৪ পৰগণাত মৃত্যু হয় দুজনকৈ লোকৰ । একে সময়তে, পশ্চিম মেদিনীপুৰ আৰু হাওৰা গ্ৰাম্য জিলাত ছয়জন লোকে প্ৰাণ হেৰুৱায়। মৃত্যু হোৱা বেছিভাগ লোক কৃষক আছিল আৰু ধুমুহাৰ সময়ত ঘৰৰ বাহিৰত আছিল।আবেলি প্ৰায় ৪:০০ বজাত সংঘটিত হৈছিল এই ঘটনা ।।

You might also like
Leave A Reply

Your email address will not be published.