পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত দুটা গোটৰ মাজত সংঘৰ্ষ!

ছুৰিৰে হানি খুচি এজন ছাত্ৰক হত্যা

নেচনেল ডেস্ক:

ঞ্জাৱৰ পাটিয়ালাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত দুটা গোটৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত এজন ২০ বছৰীয়া ছাত্ৰক ছুৰীকাঘাত কৰি হত্যা কৰা হয়। এই আক্ৰমণৰ ফলত আহত হৈছে ৪-৫ জন যুৱক । জানিব পৰা মতে মৃত যুৱকজন বিশ্ববিদ্যালয় খনৰ কম্পিউটাৰ বিজ্ঞানৰ অভিযান্ত্ৰিক ছাত্ৰ আছিল । তথ্য অনুসৰি, পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত পুৱাই সংঘটিত হৈছিল ঘটনাটো । মৃত যুৱক জনক পাটিয়ালাৰ সংগতপুৰা গাঁৱৰ বাসিন্দা নৱজ্যোত সিং বুলি চিনাক্ত কৰা হৈছে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.