প্ৰচণ্ড ভূমিকম্পই কঁপালে তুৰস্ক!

সোমবাৰে পুৱা প্ৰচণ্ড ভূমিকম্পই কঁপালে তুৰস্ক। ৰিখটাৰ স্কেল ৭.৮ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্প। তীব্ৰ ভূমিকম্পৰ কম্পন অনুভূত হয় দেশখনৰ কেইবাখনো প্ৰদেশত ।ভূমিকম্পত নিহত ১৫ জন লোক। মালত্য, দিয়াৰবাকিৰ প্ৰদেশত খহি পৰে ১৬ টাকৈ অট্টালিকা। ভূমিকম্পৰ কেন্দ্ৰ গাজিয়ানটেপৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ দূৰত্বত, ১৮ কিলোমিটাৰ গভীৰত।

আনহাতে, লেবানন আৰু ছিৰিয়াতো অনুভূত হয় এই ভূমিকম্প। চিৰিয়াৰ উত্তৰ দিশৰ আলেপ্পো চহৰ আৰু মধ্য হামা চহৰত অট্টালিকা ভাঙি পৰাৰ কথা দেশখনৰ চৰকাৰী মাধ্যমৰ সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.