আজি ৬ ফেব্ৰুৱাৰী

▶️১৮০৪ চনৰ এই দিনটোতেই ইংৰাজ ৰসায়নবিদ যোচেফ প্ৰিষ্টলিৰ মৃত্যু হৈছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই আডলফ হিটলাৰৰ প্ৰেয়সী (জীৱনৰ অন্তিম সময়ত পত্নী) ইভা ব্ৰাউনৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই কেন্দ্ৰীয় আইন সভাত ৰাওলাট আইনৰ বিধেয়ক উত্থাপন। এই বছৰৰে ১৮ মাৰ্চত বিধেয়কখন আইনত পৰিণত হয়।ইয়েই কুখ্যাত ৰাওলাট আইন।
▶️১৯৩১ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী তথা জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই বিশিষ্ট চিত্ৰ পৰিচালক ঋত্বিক ঘটকৰ মৃত্যু হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই গোলাঘাটৰ বিহৰা চাহ বাগিচাত কবি সমীৰ তাঁতীৰ জন্ম হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই কলকাতাত অৱস্থিত এছিয়াৰ প্ৰাচীনতম ষ্টুডিঅ’ ‘বোৰ্ন এণ্ড শ্বেফাৰ্ড’ ভস্মীভূত হৈছিল। ১২৫ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল ষ্টুডিঅ’টো।
▶️২০০০১ চনৰ এই দিনটোতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা ভি এন গেডগিলৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ভংগ হৈছিল ত্ৰয়োদশ লোকসভা।।

You might also like
Leave A Reply

Your email address will not be published.