বিশিষ্ট কবি-সাহিত্যিক দেৱী প্ৰসাদ বাগৰোদিয়ালৈ ২০২২ বৰ্ষৰ সন্মানীয় বাসুদেৱ জালান বঁটা!

ঘোষণা কৰিছে অসম সাহিত্য সভাই

নিউজ ডেস্ক:

বিশিষ্ট কবি-সাহিত্যিক দেৱী প্ৰসাদ বাগৰোদিয়ালৈ ২০২২ বৰ্ষৰ সন্মানীয় বাসুদেৱ জালান বঁটা ঘোষণা কৰিছে অসম সাহিত্য সভাই। অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে আগঢবঢ়োৱা হৈছে এই সন্মান। অসম সাহিত্য সভাই অহা ৭ মে’ত বগৰোদিয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই বঁটা।

সুপৰিচিত দানবীৰ তথা অসমীয়া সাহিত্যৰ অনুৰাগী প্ৰয়াত বাসুদেৱ জালানৰ নামেৰে প্ৰতি বছৰে সাহিত্যৰ ক্ষেত্রত অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় এই বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.