বৃহস্পতিবাৰে ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক। চাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে আজি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লি শ্বাংফুৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৈঠকত দুয়োখন দেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমস্যা সমাধান সম্পৰ্কে দুই প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয় সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, ২০২০ চনত গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত এইটোৱেই হ’ব লিৰ প্ৰথমটো দিল্লী ভ্ৰমণ।

যোৱা সপ্তাহত ভাৰত আৰু চীনে পূব লাডাখৰ চুশুল-মলদো মিটিং পইণ্টত ১৮ সংখ্যক উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা অনুষ্ঠিত কৰিছিল। বৈঠকত আগন্তুক সময়ত সীমান্তত সংঘাত প্ৰতিৰোধৰ বাবে আস্থা গঢ়াৰ ব্যৱস্থা সন্দৰ্ভত দুয়োপক্ষই আলোচনা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.