২০ কেজি গাঞ্জাসহ আটক চাৰি সৰবৰাহকাৰী

অবৈধ গাঞ্জাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীৰ সফল অভিযান

নেচনেল ডেস্ক :

বৈধ গাঞ্জাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীৰ সফল অভিযান। উত্তৰ প্ৰদেশৰ বাৰাবংকিত আৰক্ষীয়ে অভিযান চলাই অবৈধ গাঞ্জাসহ আটক কৰে ৪ সৰবৰাহকাৰীক। আৰক্ষীয়ে চাৰি অভিযুক্তৰ পৰা উদ্ধাৰ কৰে ১৯ কেজি ৯০০ গ্ৰাম গাঞ্জা, এখন মটৰ চাইকেল আৰু ৩ টা মোবাইল ফোন ।আটকাধীন সৰবৰাহকাৰীকেইটা সঞ্জয় মিশ্ৰ , কেশৱ প্ৰসাদ, শ্যাম বাহাদুৰ সিং আৰু সুৰেন্দ্ৰ বাহাদুৰ সিং বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে,অভিযুক্তই ছত্তীশগড়ৰ লগতে অন্যান্য ৰাজ্যৰ পৰা অবৈধ ভাৱে গাঞ্জা ক্ৰয় কৰিছিল । প্ৰায় ডেৰ বছৰ ধৰি চলাই আহিছিল গাঞ্জা সৰবৰাহৰ দুস্কাৰ্য।।

You might also like
Leave A Reply

Your email address will not be published.