অৱশেষত মুক্তি পালে অভিনেত্ৰী ক্ৰিছান পেৰেৰাই!

শ্বাৰজাহ কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ল ক্ৰিছান পেৰেৰাক

নেচনেল ডেস্ক:

ৱশেষত মুক্তি পালে অভিনেত্ৰী ক্ৰিছান পেৰেৰাই। শ্বাৰজাহ কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ল ক্ৰিছান পেৰেৰাক। শ্বাৰজাহলৈ এটা ট্ৰফীত ড্ৰাগছ লুকুৱাই অনাৰ অপৰাধত ক্ৰিছান পেৰেৰাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পিছত ক্ৰিছান পেৰেৰাৰ পৰিয়ালৰ লোকে অভিনেত্ৰীগৰাকীক মিছা অপবাদত গ্ৰেপ্তাৰ কৰে বুলি অভিযোগ কৰাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্তত আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

মুম্বাই অপৰাধ শাখাই জনোৱা অনুসৰি পল নামৰ এজন লোকে অভিনেত্ৰীগৰাকীৰ মাতৃৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰৰে ক্ৰিচানক এই গোচৰত দোষী সজাবলৈ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জেৰাত দুই অভিযুক্তই ষড়যন্ত্ৰৰ কথা স্বীকাৰ কৰে। দুই অভিযুক্ত ক্ৰমে মুম্বাইৰ বৰিভালিৰ বাসিন্দা এন্থনী পল আৰু তেওঁৰ সহযোগী ৰাজেশ বভোতে ওৰফে ৰবি। আৰক্ষীয়ে জনোৱা অনুসৰি, দুই অভিযুক্তই ক্ৰিচান পেৰেৰাই শ্বাৰজাহলৈ কঢ়িয়াই অনা ট্ৰফীত ড্ৰাগছ লুকুৱাই ৰাখিছিল।

২৭ বছৰীয়া ক্ৰিচান পেৰেৰাই বলিউদত ‘চড়ক-২’ আৰু ‘বাতলা হাউছ’ৰ দৰে হিট ছবিত অভিনয় কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.