পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত ৰাজ্যত মৃত্যু এজন লোকৰ

হাতীৰ জাকৰ আক্ৰমণত নিহত হয় ৪৫ বছৰীয়া লোকজন

নিউজ ডেস্ক:

পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত ৰাজ্যত মৃত্যু এজন লোকৰ। হোজাই জিলাত বুধবাৰে নিশা হাতীৰ জাকৰ আক্ৰমণত নিহত হয় ৪৫ বছৰীয়া লোকজন। মৃত লোকজন কাৰ্বি লাংপি জল বিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত সাৰেথ ছামছে নামৰ লোকজন হাতীৰ জাক এটাৰ মুখামুখি হয়। জাকটো দেখা পাই উপায়ান্তৰ হৈ ছাৰেঠে বাইকখন ৰখাই দিয়াত হাতীয়ে লোকজনক ভৰিৰে মোহাৰি পেলায়। হাতীৰ গছকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাৰেথক স্থানীয় ৰাইজে ওচৰৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.