বোলা টিনুবুনাইজেৰিয়াৰ নতুন ৰাষ্ট্ৰপতি

বোলা টিনুবু আফ্ৰিকাৰ সৰ্ববৃহৎ গণতন্ত্ৰ নাইজেৰিয়াৰ নতুন ৰাষ্ট্ৰপতি

ইণ্টাৰনেচনেল ডেস্ক:

বোলা টিনুবু আফ্ৰিকাৰ সৰ্ববৃহৎ গণতন্ত্ৰ নাইজেৰিয়াৰ নতুন ৰাষ্ট্ৰপতি। বুধবাৰে পুৱা লাগোছৰ গৱৰ্ণৰ তথা শাসকীয় দলৰ নেতা বোলা টিনুবুক নিৰ্বাচনত বিজয়ী ঘোষণা কৰে দেশখনৰ নিৰ্বাচনী কতৃপক্ষই। উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ভোটদান অনুষ্ঠিত হৈছিল নাইজেৰিয়াত।

নিৰ্বাচনৰ ফলাফল অনুসৰি টিনুবুয়ে লাভ কৰে ৮৮ লাখ ভোট। ইফালে, ৬৯ লাখ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী আতিকু আবুবাকাৰ। লেবাৰ পাৰ্টিৰ প্ৰাৰ্থী পিটাৰ অবিয়ে ৬১ লাখ ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.