ভয়ংকৰ বাছ দুৰ্ঘটনা!

ভয়ংকৰ বাছ দুৰ্ঘটনা! এখন যাত্ৰীবাহী বাছৰ সৈতে আন এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাৰ ফলত পথৰ পৰা বাগৰি গভীৰ খাৱৈত পৰি যায় যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাত ত্ৰিশ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হয় পোন্ধৰ গৰাকী যাত্ৰী। গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকা যাত্ৰীবাহী বাছখনে পাকিস্তানৰ খাইবৰ পাখটুনখোৱাৰ শীতিয়াল অঞ্চলত দুৰ্ঘটনাত পতিত হয়।

আৰক্ষী আৰু উদ্ধাৰকাৰী বিষয়াই ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে আহত সকলক আৰ এইচ চি চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনাস্থলীত আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰকাৰীসকলে অভিযানকালত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হয়।।

You might also like
Leave A Reply

Your email address will not be published.