ভাৰতৰ ক্ৰীড়া অনুৰাগী সকলৰ বাবে সুখবৰ!

যুৱ শ্বুটাৰ নিচ্ছালৰ ৰিঅ’ বিশ্বকাপত ৰূপৰ পদক অৰ্জন

স্প’ৰ্টছ ডেস্ক:

ভাৰতৰ ক্ৰীড়া অনুৰাগী সকলৰ বাবে সুখবৰ। ভাৰতৰ যুৱ শ্বুটাৰ নিচ্ছালৰ ৰিঅ’ বিশ্বকাপত ৰূপৰ পদক অৰ্জন। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ISSFৰ বিশ্বকাপত মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন (3P)ত ৰূপৰ পদক লাভ কৰে ভাৰতীয় যুৱ শ্বুটাৰ নিচ্ছালে। উল্লেখ্য যে, এয়া আছিল উদীয়মান শ্বুটাৰগৰাকীৰ প্ৰথম ছিনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ।

ফাইনেলত ৪৫৮.০ স্কৰেৰে নৰৱেৰ এছ জিনেট হেগ ডুয়েষ্টাডৰ পিছতে দ্বিতীয় স্থান দখল কৰে ভাৰতীয় শ্বুটাৰগৰাকীয়ে। ডুয়েষ্টাড বৰ্তমানৰ এয়াৰ ৰাইফল ইউৰোপীয় চেম্পিয়ন আৰু ৩০০ মিটাৰ 3P ৰ বিশ্ব চেম্পিয়ন। তেওঁৰ নামত আছে ৫টা সোণকে ধৰি ১২টা ISSF বিশ্বকাপৰ পদক।।

You might also like
Leave A Reply

Your email address will not be published.