ভুৱা বাতৰি প্ৰচাৰৰ বাবে বন্ধ ৮টা ইউটিউব চেনেল!

দেশৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰে ৮টা ইউটিউব চেনেল । বন্ধ কৰা ৮টা ইউটিউব চেনেলৰ ৭টা ভাৰতীয় আৰু এটা পাকিস্তানী। খৱৰটো সদৰি কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। বন্ধ কৰা চেনেলসমূহৰ ক্ৰমবৰ্ধমান দৰ্শকৰ সংখ্যা ১১৪ কোটিৰো অধিক আৰু ৮৫ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে চাবস্ক্ৰাইবাৰ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বন্ধ কৰা ইউটিউব চেনেলসমূহৰ ভিতৰত আছে লোকতন্ত্ৰ টিভি (১২.৯০ লাখ চাবস্ক্ৰাইবাৰ), ইউ এণ্ড ভি টিভি (১০.২০ লাখ চাবস্ক্ৰাইবাৰ), এ এম ৰাজৱী (৯৫, ৯০০ চাবস্ক্ৰাইবাৰ), গৌৰৱশালী পৱন মিথিলাঞ্চল (৭ লাখ চাবস্ক্ৰাইবাৰ), চৰকাৰী আপডেট (৮০,৯০০ চাবস্ক্ৰাইবাৰ) আৰু সব কুচ দেখো (১৯.৪০ লাখ চাবস্ক্ৰাইবাৰ )। আনহাতে পাকিস্তানী চেনেলটোৰ নাম নিউজ কি দুনিয়া যাৰ চাবস্ক্ৰাইবাৰ ৯৭,০০০ । এই ইউটিউব চেনেলবোৰৰ সম্প্ৰচাৰ কৰা কন্টেন্টৰ উদ্দেশ্য ভাৰতৰ ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত ঘৃণা বিয়পোৱা আছিল বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.