বিমান সংস্থাসমূহৰ প্ৰতি পৰামৰ্শ!

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। কোভিড আক্ৰান্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিমান সংস্থাসমূহক জাৰি কৰিছে নতুন পৰামৰ্শ। পৰামৰ্শ জাৰি কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। যাত্ৰীসকলে সমগ্ৰ যাত্ৰাত মুখত মাস্ক পৰিধান কৰাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে DGCAয়ে। পৰামৰ্শ পালনত বিফল হোৱা বিমান সংস্থাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নি দিয়ে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে।

You might also like
Leave A Reply

Your email address will not be published.