মুম্বাইত নাইট্ৰাজেপাম টেবলেটসহ আটক তিনিটা সৰবৰাহকাৰী!

নেচনেল ডেস্ক:

মুম্বাইত বৃহৎ পৰিমানৰ নাইট্ৰাজেপাম টেবলেটসহ আটক তিনিটা সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ পম খেদি নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোয়ে ৭৫০০ টা নাইট্ৰাজেপাম টেবলেট সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত তিনি জন লোকক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত খৱৰ মতে, আহমেদাবাদৰ পৰা স্থানীয় কুৰিয়ৰে টেবলেটসমূহ মুম্বাইৰ পশ্চিম উপকণ্ঠ অঞ্চল বৰিভালিলৈ সৰবৰাহ কৰি থকা অৱস্থাতে সঠিক নথি-পত্ৰহীন নিষিদ্ধ টেবলেট চালান গ্ৰহণকাৰীক আটক কৰে এন চি বিৰ বিষয়াসকলে। ধৃত অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে আৰু দুজন লোকক । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.