মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩৬ গৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ-ট্ৰেইলাৰৰ দুৰ্ঘটনাত ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩৬ গৰাকী লোকৰ। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দেশখনৰ পুয়েব্লা ৰাজ্যৰ মিয়াহুয়াটলান-কইক্সটলাহুয়াকা ঘাইপথত মঙলবাৰে পুৱা সংঘটিত হয় এই পথ দুৰ্ঘটনা। মৃত সকলৰ ১৫ গৰাকী মেক্সিকান আৰু এগৰাকী ভেনেজুৱেলাৰ বুলি জানিব পৰা গৈছে। ইফালে আহতসকলৰ ১০ গৰাকী ভেনেজুৱেলাৰ। দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৫২ গৰাকী যাত্ৰী আছিল।।

You might also like
Leave A Reply

Your email address will not be published.