স্প’ৰ্টছ ডেস্ক:

বিশ্বৰ দ্ৰুততম মানৱীৰূপে পৰিগণিত হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাকাৰি ৰিচাৰ্ডছন। ইয়াৰ লগে লগে স্প্ৰিণ্টত অৱসান ঘটিল জামাইকাৰ দপদপনি। যোৱা নিশা বুডাপেষ্টত সকলোৰে জল্পনা-কল্পনাত আউল লগাই ১০.৬৪ চেকেণ্ডত বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত ৰিচাৰ্ডছনে ৰচিলে নতুন ৰেকৰ্ড। এইবাৰৰ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত জামাইকাৰ দুই ফেভাৰিট ফ্ৰেজাৰ প্ৰাইচ আৰু লেৰিকা জেকছনক পিছ পেলাই বিশ্বৰ দ্ৰুততম মানৱীৰূপে পৰিগণিত হ’ল ছাকাৰি ৰিচাৰ্ডছন। উল্লেখ্য যে, জামাইকাৰ কিংবদন্তি উছেইন ব’ল্টে পুৰুষৰ ১০০ মিটাৰ স্প্ৰিণ্টত অৱসৰ গ্ৰহণ কৰিছিল। এতিয়া স্প্ৰিণ্টৰ মহিলা শাখাটো অৱসান ঘটিল জামাইকাৰ ৰাজত্ব।

উল্লেখ্য যে, দুবছৰ আগতে গাঞ্জা সেৱনৰ বাবে ড’প টেষ্টত ব্যৰ্থ হৈ টকিঅ’ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্ছিত হৈছিল ৰিচাৰ্ডছনে।

You might also like
Leave A Reply

Your email address will not be published.