আজি ২৩ আগষ্ট

▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিক ‘প্ৰাগ চুক্তি’ নামে জনাজাত।
▶️১৮৯৮ চনৰ এই দিনটোতেই প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী ৰূপে নিযুক্তি।
▶️১৯৫৯ চনৰ এই দিনটোতেই ন্যায়াধীশ চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ৰুছ গণৰাজ্যত বৰিছ য়েল্টছিনৰ কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা।
▶️১৯৯১ চনৰ আজিৰ দিনটোৰ পৰাই ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘প্ৰাভডা’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই তদানীন্তন ৰুছ প্ৰধানমন্ত্ৰী কিৰিয়েংকোক ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ অপসাৰণ। নতুন প্ৰধানমন্ত্ৰী ৰূপে ভিক্টৰ চেৰনেমিৰডনৰ কাৰ্যভাৰ গ্ৰহণ।
▶️২০০০ চনৰ এই দিনটোতেই কেন্দ্ৰীয় শক্তিমন্ত্ৰী পি আৰ কুমাৰমংগলমৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰাচ্যৰ সংকট মোচনৰ অৰ্থে সমৰ্থন বিচাৰি য়াছেৰ আৰাফটৰ ভাৰত ভ্ৰমণ।

You might also like
Leave A Reply

Your email address will not be published.