মেঘালয়ত বৃহৎ পৰিমানৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত বৃহৎ পৰিমানৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। নিষিদ্ধ সংগঠন গাৰো নেচনেল লিবাৰেচন আৰ্মীয়ে লুকুৱাই ৰখাৰ সন্দেহ আৰক্ষীৰ। উইলিয়ামনগৰ আৰক্ষী থানাৰ অন্তৰ্গত পিলগংগ্ৰে অঞ্চলৰ জংঘলৰ পৰা উদ্ধাৰ হৈছে এই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীৰ ভাণ্ডাৰটো। ইষ্ট গাৰো পাহাৰ জিলাৰ ডুৰামা ৰেঞ্জৰ পিলংগ্ৰে অঞ্চলত অভিযান চলায় আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ পৰা ৭৯ জাঁই সজীৱ এণ্টি এয়াৰক্ৰাফ্ট গোলাবাৰুদ, ১৭৫ জাঁই ৭.৭ সজীৱ গোলাবাৰুদ, ১০ ডাল ইলেক্ট্ৰিকেল ডিটনেটৰ, এটা ১২ ব’ৰ ডাবল বেৰেল আৰু প্ৰায় ২৫০ গ্ৰাম জেলেটিন উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.