মেঘালয়ৰ পূব খাচী পাহাৰত ভয়ংকৰ ভূমিস্খলন!

মেঘালয়ৰ পূব খাচী পাহাৰত ভয়ংকৰ ভূমিস্খলন। পূব খাচী পাহাৰ জিলাৰ মাওকিনৰেৱ খণ্ডৰ অন্তৰ্গত মাওলা গাঁৱত সংঘটিত হয় এই ভূমিস্খলন। ভূমিস্খলনত কমেও দুজন লোকৰ মৃত্যু হয়। প্ৰাপ্ত খবৰ অনুসৰি, শ্বিলঙলৈ গৈ থকা অৱস্থাত ভূমিস্খলনৰ সন্মুখীন হৈ মৃত্যুৰ মুখত পৰে লোক দুজন। উল্লেখ্য যে, ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ সংঘটিত হৈছে প্ৰায় সাতটাকৈ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কেইবাখনো বাহন, দোকান, ঘৰ আৰু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষয়-ক্ষতি হৈছে। ইফালে সোমবাৰে চাইটবাকন গাঁৱৰ ওচৰৰ এঠাইত শ্বিলং-ডাউকি ৰাষ্ট্ৰীয় ঘাইপথটো ভূমিস্খলনৰ ফলত বিচ্ছিন্ন হৈ পৰে। ঘটনাস্থলীত এখন বাহন আবদ্ধ হৈ আছিল যদিও কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। উদ্ধাৰ অভিযান গোটেই দিন ধৰি অব্যাহত ৰাখি সন্ধিয়া পাঁচ বজালৈকে পথটো পৰিষ্কাৰ কৰা হয়।ৰাজ্য চৰকাৰে তাৎক্ষণিক ক্ষতিপূৰণ আৰু উদ্ধাৰ অভিযানৰ বাবে সংশ্লিষ্ট কতৃপক্ষক নিৰ্দেশনা দিছে।।

You might also like
Leave A Reply

Your email address will not be published.