ম্যানমাৰে হস্তান্তৰ কৰিলে ৫ উগ্ৰপন্থীক

ম্যানমাৰ চৰকাৰে নিষিদ্ধ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ ভগ্নী সংগঠন ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টৰ (আৰপিএফ) ৫ উগ্ৰপন্থীক মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰিছে। জানিব পৰা মতে,এই উগ্ৰপন্থীসকলক আগষ্টতে ম্যানমাৰ সেনাই গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়াৰ পৰা ম্যানমাৰৰ মান্দালয়ৰ মনিয়াত বন্দী কৰি ৰখা হৈছিল। পাছত ভাৰতীয় বায়ু সেনাৰ এখন বিমানত উগ্ৰপন্থীসকলক ঘূৰাই অনা হৈছিল।

সম্প্ৰতি মনিপুৰ আৰক্ষীৰ জিম্মাত থকা উগ্ৰপন্থীকেইজন নৰেন্দ্ৰ নংমাইজিং (৪৫), লোইটংবাম ৰাজকুমাৰ (৪৬), থোকচোম কালাছানা (৫৩), ছালাম সোমেন্দ্ৰ (৩৪) আৰু চাওৰেন ৰোহেন (৪৫)।।

You might also like
Leave A Reply

Your email address will not be published.