IIT গুৱাহাটীৰ আন এক বৃহৎ সাফল্য

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি), গুৱাহাটীয়ে উত্তৰ-পূবত প্ৰথম বাৰৰ বাবে ইয়াৰ চেণ্টাৰ ফৰ নেনোটেকন’লজীত উন্নত মাইক্ৰ’ ইলেক্ট্ৰনিক্স আৰু নেনো শক্তি সুবিধা স্থাপন কৰিছে। ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু নেনো প্ৰযুক্তিবিদ্যাৰ উদ্যোগৰ সৈতে শৈক্ষিক অংশীদাৰীত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে এই কেন্দ্ৰটোৱে স্বাস্থ্য সেৱা, নেনো জৈৱ সামগ্ৰী, মাইক্ৰ’ আৰু নেনো ইলেক্ট্ৰনিকছ, নেনো-শক্তি সঁজুলি আৰু চেন্সৰৰ ক্ষেত্ৰত বহুমুখী অনুবাদমূলক গৱেষণা কৰিব বুলি প্ৰতিষ্ঠানটোৰ বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে, প্ৰতিষ্ঠানটোৱে ২০০০ চনৰ আৰম্ভণিৰ পৰা নেনো প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। নেনো বিজ্ঞান আৰু নেনো প্ৰযুক্তিৰ একাধিক ক্ষেত্ৰত ইয়াৰ প্ৰামাণিক অভিলেখ আছে।।

You might also like
Leave A Reply

Your email address will not be published.