যৌতুক বিচাৰি নিৰ্মম অত্যচাৰ!

স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ বোৱাৰীয়ে কৰিলে আত্মহত্যা..

যৌতুক বিচাৰি নিৰ্মম অত্যচাৰ!
স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ বোৱাৰীয়ে কৰিলে আত্মহত্যা..

ভাৰতীয় সভ্যতা-সংস্কৃতিত বিবাহক বিশেষ মৰ্যাদা প্ৰদান কৰি অহা হৈছে ৷ বিবাহ মানে কেৱল এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মিলন নহয় । ই হৈছে দুখন ঘৰ, দুটা পৰিয়ালৰ মাজত চিৰদিনলৈ স্থাপন হোৱা এক সম্পৰ্ক, এক বান্ধোন ৷ দুচকুত বহু সপোন লৈ সমাজক সাক্ষী কৰি দুটি জীৱন এই বিবাহ বন্ধোনত আবদ্ধ হয়। কিন্তু এই সম্পৰ্কৰ অমৃতো কেতিয়াবা গৰল হৈ পৰে ৷ অকালতে মৰহি যায় এই সম্পৰ্ক ৷
ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিগ্ৰহৰ ঘটনা ৷ অভিযোগ অনুসৰি, যৌতুক(Dowry) বিচাৰি দীৰ্ঘদিনৰ পৰা ন-বোৱাৰীক চলোৱা হৈছে অকথ্য নিৰ্যাতন ৷ বোৱাৰীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থ হোৱাত বিয়াৰ পাচতেই তেওঁ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰৰ বলি হ’বলগীয়াত পৰে ।
এই ঘটনা সংঘটিত হৈছে ডুমডুমাৰ সমীপৰ বিছাকুপিত। জানিব পৰা মতে, স্বামীগৃহৰ অত্যাচাৰত অতিষ্ঠ হৈ বিষপান কৰে এগৰাকী ন-বোৱাৰীয়ে। উল্লেখযোগ্য যে ডুমডুমা গৈপানীৰ গোপাল মাঝী নামৰ লোকজনৰ কন্যাক বিয়া কৰাইছিল বিছাকুপি চাহ বাগিচাৰ বিনোদ বাঘে । যোৱা ২ এপ্ৰিল তাৰিখে বোৱাৰী গৰাকীয়ে বিষপান কৰিছিল যদিও ঘটনা লুকুৱাই ৰাখিছিল স্বামীগৃহৰ লোকে ।
পৰৱৰ্তী সময়ত বোৱাৰী গৰাকীৰ মাতৃগৃহৰ লোকে এই ঘটনাৰ বিষয়ে অৱগত হোৱাত চিকিৎসাৰ ব্যৱস্থা কৰে। সংকটজনক অৱস্থাত থকা বোৱাৰী গৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছে ।
যৌতুক প্ৰথা এটি সামাজিক ব্যাধি । যৌতুক বিচাৰি ৰাজ্যত চলি নাৰী নিৰ্যাতন কোনো নতুন কথা নহয় । যৌতুকৰ বাবে ইতিমধ্যে বহু যুৱতীয়ে বিয়াৰ পাচত স্বামী আৰু তেওঁৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে ৷ এই যৌতুক প্ৰথাৰ বিৰুদ্ধে চৰকাৰে আইন বলবৎ কৰিছে যদিও এই আইনলৈ যেন কেৰেপেই নকৰে একাংশ লোকে ৷

You might also like
Leave A Reply

Your email address will not be published.