হলীউডৰ মোহময়ী তাৰকা চিণ্ডী মৰ্গানৰ দেহাৱসান!

৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীৰ

ইণ্টাৰনেচনেল ডেস্ক:

লীউডৰ মোহময়ী তাৰকা চিণ্ডী মৰ্গানৰ দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীৰ। “কেডিশ্বেক” আৰু “ট্ৰন” ছবিত অভিনয়ৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ফ্ল’ৰিডাৰ পাম বিচ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে প্ৰাকৃতিক কাৰণতে অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি সদৰি কৰে। অবশ্যে তেওঁৰ মৃত্যু কেতিয়া হ’ল সেই কথা স্পষ্ট কৰিব পৰা নাই বিষয়াসকলে।

চিকাগোত ডাঙৰ-দীঘল হোৱা মৰ্গানে প্ৰথমে আইৰিছ স্প্ৰিং চাবোনৰ বিজ্ঞাপনত অভিনয় কৰা মডেল হিচাপে চৰ্চা লাভ কৰিছিল। ১৯৮০ চনৰ “কেডিশ্বেক”ত অভিনয়েৰে ৰূপালী পৰ্দাত অভিষেক ঘটায়। ইয়াৰোপৰি, টেলিভিছনত সম্প্ৰচাৰিত “মেটলক”, “ফেলকন ক্ৰেষ্ট”, “চিপছ” আৰু “দ্য লেৰী চেণ্ডাৰছ শ্ব’ত সৰু-বৰ ভূমিকাত দেখা গৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.