হেনান প্ৰদেশত স্কুল ডৰ্মিটৰীত ভয়ংকৰ অগ্নিকাণ্ড!

জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় ১৩ জন লোক

ইণ্টাৰনেচনেল ডেস্ক:

চীনৰ হেনান প্ৰদেশত স্কুল ডৰ্মিটৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডটো। হেনানৰ য়ানছানপু গাঁৱৰ ইংকাই স্কুলত সংঘটিত হয় এই ঘটনা। খবৰ মতে, জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় ১৩ জন লোক। আনহাতে ঘটনাটোত আহত হয় এজন লোক। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। নিশা ১১:৩৮ বজাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে। উল্লেখ্য যে, চীনত সুৰক্ষাৰ মানদণ্ড শিথিল আৰু বলবৎকৰণৰ দুৰ্বলতাৰ বাবে এনেধৰণৰ ঘটনা সাধাৰণতে দেখা যায়।।

You might also like
Leave A Reply

Your email address will not be published.