আজি ২১ নৱেম্বৰ

⏩১৬৯৪ ফৰাচী সাহিত্যিক, দার্শনিক ভল্টেয়াৰৰ জন্ম।
⏩১৭৮৫ মার্কিন শল্যবিদ তথা মানৱ দেহৰ পাচন ক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম বোমাণ্টৰ জন্ম।
⏩১৮৯৭ বর্ষীয়ান সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম।
⏩১৯২১ প্রিন্স অব্ বেল্ব (পিছলৈ ৰজা অষ্টম এডবার্ড) মুম্বাইত অৱতৰণ; ইয়াৰ প্ৰতিবাদত কংগ্ৰেছৰ আহ্বানত দেশব্যাপী হৰতাল পালন।
⏩১৯৪৬ মীৰাটত কংগ্ৰেছৰ চাৰিদিনীয়াকৈ ৫৪তম বার্ষিক অধিৱেশন আৰম্ভ। এই অধিৱেশনত সভাপতিত্ব কৰে আচার্য জে বি কৃপালিনীয়ে।
⏩১৯৪৭ স্বাধীন ভাৰতত প্রথম ডাকটিকটৰ প্ৰচলন। সেই সময়ত এটা ডাকটিকটৰ মূল্য আছিল চাৰে তিনি অনা।
⏩১৯৬২ ভাৰত আক্ৰমণ কৰা চীনা সৈন্যৰ চীনলৈ ওভতনি যাত্রা। ইয়াৰ আগতে এই বছৰৰে ২০ অক্টোবৰত চীনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আক্রমণ কৰে। ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিৰোধ কৰা কঠিন হৈ পৰে। পিছত চীনে যুদ্ধবিৰতি ঘোষণা কৰে আৰু এই দিনটোতে চীনা সৈন্য উভতি যায়।
⏩১৯৬৩ ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা; থুম্বা বিষুবীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ।
⏩১৯৭০ নোবেল জয়ী পদার্থ-বিজ্ঞানী চন্দ্রশেখৰ ভেংকটৰমণৰ মৃত্যু।
⏩১৯৮১ গল্পকাৰ ৰমা দাশৰ মৃত্যু।
⏩১৯৮৬ ভাৰতৰ ‘ইন্দিৰা বিকাশ পত্ৰ’ৰ প্ৰচলন।
⏩২০০৪ দিছপুৰত অসমৰ স্থায়ী ৰাজধানী উদ্বোধন।

You might also like
Leave A Reply

Your email address will not be published.