১৯ ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান

ৰাজ্যৰ জনজীৱনৰ হকে বিশিষ্ট অৱদান আগবঢ়োৱা ১৯ গৰাকী ব্যক্তিলৈ অসামৰিক সন্মান ঘোষণা।প্ৰত্যেক বছৰে ‘অসম দিৱস’ৰ দিনা প্ৰদান কৰিব লগা এই সন্মান এইবেলি প্ৰথমবাৰৰ বাবে অহা ২৪ জানুৱাৰীত প্ৰদান কৰা হ’ব। এইবেলি ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ সন্মান আগবঢ়োৱা হৈছে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ।এই সন্মানৰ সৈতে থাকিব ৫ লাখ টকা।আনহাতে ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ‘অসম সৌৰভ’ৰ বাবে নিৰ্বাচিত ব্যক্তি সকল হ’ল ক্ৰমে
NHMৰ সঞ্চালক লক্ষ্মনণ এছ,অধ্যাপক কমলেন্দু দেৱ ক্ৰুৰী,দীপক চান্দ জৈন,লাভলীনা বৰগোহাঁই আৰু নীলপৱন বৰুৱা।এই সন্মানৰ সৈতে থাকিব ৪ লাখকৈ টকা।ইফালে ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱৰ বাবে এইবেলি নিৰ্বাচিত ১৩ গৰাকী ব্যক্তি ক্ৰমে আকাশ জ্যোতি গগৈ,ডঃ বসন্ত হাজৰিকা,মনোজ কুমাৰ বসুমতাৰী,মুনীন্দ্ৰ নাথ নাতে,ধৰনীধৰ বড়ো, খৰছিং টেৰন,কৌশিক বৰুৱা,বনীতা মমিন,ববী হাজৰিকা,নমিতা কলিতা,হেমপ্ৰভা চুতীয়া,ডাঃ আছিফ ইকবাল আৰু কল্পনা বড়ো।এই সন্মানৰ সৈতে থাকিব ৩ লাখকৈ টকা।

আজি এক সংবাদমেলত ৰাজ্য চৰকাৰে এই বছৰৰ পৰা পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিবলৈ লোৱা সন্মান সমুহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে সন্মান প্ৰাপক সকলে আৰ্থিক অনুদানৰ উপৰি আজীৱন বিনামূলীয়া চিকিৎসা খৰছৰ লগতে ৰাজ্য চৰকাৰৰ সকলো অনুষ্ঠানতে ৰাজ্যিক মৰ্যদা লাভ কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.