নগাঁৱত পিষ্টল সহ আটক নগা যুৱক

নগাঁৱত মৰণাস্ত্ৰ সহ এজন নগা যুৱকক আটক। গোপন খবৰৰ ভিত্তিত উপ- আৰক্ষী অধীক্ষক ত্ৰিদিৱ কোম্বাংকৰ নেতৃত্বত নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ নাকা চেকিঙত ডিমাপুৰৰ পৰা স্কুটিত অহা এজন যুৱকৰ পৰা আমেৰিকাত নিৰ্মিত এটা পইন্ট 32 পিষ্টল উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে NL 07EB 1471 নম্বৰৰ স্কুটিখন জব্দ কৰাৰ লগতে শ্বংগোস্বা নাগাথে নামৰ ডিমাপুৰৰ চুপাৰ মাৰ্কেটৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে যুৱক জন‌ে পূৰ্বেও মাৰণাস্ত্ৰ সৰবৰাহৰ অপৰাধত কাৰাগাৰলৈ যাব লগা হৈছিল।‌ ধৃত যুৱক জনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.