আজি ৫ ডিচেম্বৰ

➡️১৭৯১ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী উলফগেং আমাডিউছ মোজাৰ্টৰ মৃত্যু হৈছিল।
➡️১৮৭০ চনৰ ৫ ডিচেম্বৰত ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ মৃত্যু হৈছিল।
➡️১৯০১ চনৰ আজিৰ দিনটোতে কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ জন্ম হৈছিল।
➡️১৯৫০ চনৰ ৫ ডিচেম্বৰত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা দাৰ্শনিক অৰবিন্দ ঘোষ ওৰফে শ্ৰীঅৰবিন্দৰ পণ্ডিচেৰীত মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ ৫ ডিচেম্বৰত ৬০ জন নতুন মন্ত্ৰীৰ শপত গ্ৰহণেৰে মুঠ ৭১ জন মন্ত্ৰীৰে বিহাৰ মন্ত্ৰীসভা দেশৰ বৃহত্তম মন্ত্ৰীসভা ৰূপে পৰিগণিত হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে সংসদৰ পৰা পদত্যাগ কৰিছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ যুক্তা মুখীয়ে ‘মিছ ৱৰ্ল্ড’ খিতাপ অৰ্জন কৰিছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে দেশীয়ভাৱে নিৰ্মিত প্ৰথমটো ক্ৰায়জনিক ইঞ্জিনৰ সফল পৰীক্ষণ সম্পন্ন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.