ৰবীন্দ্ৰ জাডেজাৰ অনুৰাগীসকলৰ বাবে দু:খৱৰ!

ৰবীন্দ্ৰ জাডেজাৰ অনুৰাগীসকলৰ বাবে দু:খৱৰ!

স্প’ৰ্টছ ডেস্ক:

বীন্দ্ৰ জাডেজাৰ অনুৰাগীসকলৰ বাবে দু:খৱৰ! আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ৰোষত পৰিল ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। ঘটনাটো ঘটিছিল নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ প্ৰথম টেষ্টৰ প্ৰথমটো দিনতে। কিয় আইচিচিৰ ৰোষত পৰিল অলৰাউণ্ডাৰগৰাকী?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনটোত বলিং কৰাৰ সময়ত বাওঁহাতৰ তৰ্জনী আঙুলিত ক্ৰীম লগোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে জৰিমনা বিহিছে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাক। জাডেজাৰ বিৰুদ্ধে উত্থাপন হৈছিল আইচিচিৰ আচৰণ বিধি উলংঘনৰ অভিযোগ। আঙুলিত ক্ৰীম লগোৱাৰ পূৰ্বে খেলপথাৰৰ আম্পায়াৰৰ পৰা অনুমতি লোৱা নাছিল বাবে ক্ৰিকেট পৰিষদে জাডেজাৰ মেচ মাচুলৰ ২৫ শতাংশ আৰু ১ ডেমেৰিট পইণ্ট কৰ্তন কৰিব।

ৰবীন্দ্ৰ জাডেজাই আইচিচিৰ খেলুৱৈ আৰু খেলুৱৈ সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২০ অনুচ্ছেদ উলংঘা কৰা দেখা গৈছে, যিটো খেলুৱৈসুলভ মনোভাৱৰ পৰিপন্থী

যদিও অষ্ট্ৰেলিয়াৰ দল আৰু সংবাদ মাধ্যমে জাডেজাৰ বিৰুদ্ধেও বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছিল, আইচিচিয়ে নিজৰ আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে এই ক্ৰীমটো সম্পূৰ্ণ চিকিৎসাজনিত কাৰণতহে ক্ৰিকেটাৰ গৰাকীয়ে ব্যৱহাৰ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.