ৰাজ্যৰ ১২ গৰাকী সংস্কৃতিৰ সাধকলৈ সংগীত নাটক অকাডেমী বঁটা

২৭ ফেব্রুৱাৰীত আনুষ্ঠানিকভাৱে ঘোষণা কৰে একাডেমীৰ ফেল’, সন্মান আৰু পুৰস্কাৰপ্ৰাপ্ত সকলৰ তালিকা

ৰাজ্যৰ ১২ গৰাকী সংস্কৃতিৰ সাধকলৈ সংগীত নাটক অকাডেমী বঁটা

২৭ ফেব্রুৱাৰীত সংগীত নাটক অকাডেমীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে একাডেমীৰ ফেল’, সন্মান আৰু পুৰস্কাৰপ্ৰাপ্ত সকলৰ তালিকা। ২০২২-২৩ বৰ্ষৰ বাবে দেশৰ ৯২গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে সংগীত নাটক অকাডেমী বঁটা। নিৰৱিচ্ছিন্ন সাধনাৰে সংস্কৃতিৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়োৱা ১২ জন অসমীয়ালৈ আগবঢ়োৱা হৈছে ২০২২-২৩ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা।

অকাডেমীৰ তৰফৰ পৰা অসমৰ বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়লৈ আগবঢ়োৱা হৈছে সংগীত নাটক অকাডেমী ৰত্ন বঁটা। বিশিষ্ট সংগীত শিল্পী লক্ষ্যহীৰা দাসলৈ সংগীত নাটক অকাডেমীৰ তৰফৰ পৰা জলপানি আগবঢ়োৱা হৈছে। একেদৰে সত্ৰীয়া নৃত্য শিতানত গোবিন্দ বৰা, অংকীয়া ভাওনাৰ বাবে কৰুণা বৰা, নাটকৰ নিৰ্দেশনা শিতানত গুনাকৰ দেৱগোস্বামী আৰু পৰাম্পৰাগত তথা লোক সংগীতৰ বাবে তৰাৱতী বৰিলৈ সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়।

সমান্তৰালৈ অসমৰ পৰা ২০২২বৰ্ষৰ বাবে ৩গৰাকী আৰু ২০২৩বৰ্ষৰ দুগৰাকী শিল্পীয়ে ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সত্ৰীয়া শিল্পী ডিম্পী বৈশ্যলৈ, মূকাভিনয়ৰ বাবে মুকুন্দ নাথলৈ, পুতলা নাচৰ বাবে বিনীতা দেৱীলৈ, কথক নৃত্যৰ বাবে মেঘৰঞ্জনী মেধিলৈ আৰু সত্ৰীয়া নৃত্যত মুকুন্দ শইকীয়ালৈ ওস্তাদ বিছমিল্লা খাঁ বঁটা আগবঢ়োৱা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.