ইণ্টাৰনেচনেল ডেস্ক:
মেক্সিকোত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এটা গীৰ্জাৰ ছাদ ভাঙি ৩ শিশুসহ নিহত হয় কমেও ১০ গৰাকীকৈ লোক। আনহাতে আহত হয় ৬০ গৰাকী লোক।এক ধৰ্মীয় অনুষ্ঠান চলি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। ঘটনাটো সংঘটিত হয় উত্তৰ মেক্সিকোৰ চিউডাড মাডেৰোৰ চান্টা ক্ৰুজ গীৰ্জাত। দুৰ্ঘটনাটোৰ সময়ত শিশুসহ প্ৰায় ১০০ গৰাকী লোক গীৰ্জাৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে। ইফালে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে বহুসংখ্যক লোক ।
ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় বাসিন্দাসকলে তৎপৰতাৰে ধ্বংসাৱশেষত আবদ্ধ হৈ থকাসকলক উদ্ধাৰৰ চেষ্টা চলায়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল।।