নেচনেল ডেস্ক:
চুৰি হোৱা অষ্টম শতিকাৰ মন্দিৰৰ দুটা মূৰ্তি পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ ভাৰত চৰকাৰৰ। ১৯৭০ চনৰ শেষৰ ফালে উত্তৰ প্ৰদেশৰ লোখাৰীৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা অষ্টম শতিকাৰ দুটা মূৰ্তি যোগিনী চামুণ্ডা আৰু যোগিনী গোমুখীক পুনৰ ঘূৰাই অনাৰ উপলক্ষে লণ্ডনত বুধবাৰে এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। মূৰ্তি দুটা উদ্ধাৰৰ বাবে লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্ত, ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট আৰু আৰ্ট ৰিকাভাৰী ইণ্টাৰনেশ্যনেলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে সম্পন্ন কৰা হয় ।
উল্লেখ্য যে, লোখাৰীৰ দৰে যোগিনী মন্দিৰত ৬৪ গৰাকী ঐশ্বৰিক যোগিনীক দেৱী হিচাপে পূজা কৰা হয়। লোখাৰী মন্দিৰত প্ৰথমে ২০টা যোগিনী প্ৰতিমূৰ্তি আছিল।
খবৰ মতে, ১৯৭০ চনত এই মন্দিৰটো ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ ডকাইতৰ দলে চুইজাৰলেণ্ডৰ জৰিয়তে ইউৰোপলৈ চুৰি মূৰ্তিসমূহ সৰবৰাহ কৰিছিল। চোৰে কেইবাটাও প্ৰাচীন মূৰ্তি চুৰি কৰাৰ বিপৰীতে কিছুমান ভাঙি পেলোৱা হৈছিল আৰু বাকী থকা অক্ষত মূৰ্তিসমূহ গোপনে স্থানান্তৰিত কৰি স্থানীয় গাঁৱৰ মানুহে লুকুৱাই ৰাখিছিল।।