ভয়ংকৰ ভূমিকম্পই জোকাৰি গল ইৰাণ!

ভয়ংকৰ ভূমিকম্পই জোকাৰি গল ইৰাণ। শনিবাৰে পুৱতি নিশা দক্ষিণ ইৰাণত ৰিখটাৰ স্কেলত ৬.০ প্ৰাবল্যত সংঘটিত হৈছে এই প্ৰচণ্ড ভূমিকম্পটো । ভূমিকম্পৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আঠজন লোক আহত হয়। ভূমিকম্পটোৰ উৎপত্তিস্থল ইৰাণৰ হৰ্মোজগান প্ৰদেশৰ বন্দৰ চহৰ বান্দাৰ আব্বাছৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু ১০ কিলোমিটাৰ গভীৰতাত। উল্লেখ্য যে, ভূমিকম্পটোৰ কম্পন ইউএই, বাহৰেইন আৰু কাটাৰতো অনুভূত হয় ।।

You might also like
Leave A Reply

Your email address will not be published.