ম্যানমাৰৰ পাথেইনৰ কাৰাগাৰত ভয়ংকৰ দাঙ্গা। দাঙ্গাত এটা কয়দীৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৬৩ জনতকৈ অধিক । মৃত কো ৱাই য়ান ফিয়’ নামৰ কয়দীটোক সন্ত্ৰাসবাদৰ অভিযোগত কাৰাদণ্ড বিহা হৈছিল। দাঙ্গাত দুজন আৰক্ষী বিষয়াৰ লগতে আহত ৯ গৰাকী কাৰাৰক্ষীও । উলেখ্য যে, ম্যানমাৰৰ সামৰিক চৰকাৰে ৭ হাজাৰতকৈ অধিক কয়দীক মুক্ত কৰাৰ কথা ঘোষণা কৰাৰ কিছুদিন পিছতে সংঘটিত হৈছে এই দাঙ্গা। কাৰাগাৰৰ প্ৰহৰীয়ে এজন কয়দীৰ পৰা মোবাইল ফোন জব্দ কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে কাৰাগাৰত আৰম্ভ হয় দাঙ্গা। ইফালে এই পৰিস্থিতিৰ সুযোগতে পুৱা ৭০ জন কয়দী কাৰাগাৰৰ পৰা পলায়ন কৰাৰ লগতে সা-সম্পত্তিৰ ক্ষতিসাধন কৰে।
নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিবলৈ কয়দীসকলে লাঠি, ইটা আৰু চিমেণ্টৰ টুকুৰা ব্যৱহাৰ কৰা বুলি জুণ্টা চৰকাৰৰ সূত্ৰে প্ৰকাশ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like