তেলেংগানাত গোদাবৰী এক্সপ্ৰেছৰ ছয়টা ডবা লাইনচ্যুত!

নেচনেল ডেস্ক :

তেলেংগানাত গোদাবৰী এক্সপ্ৰেছৰ ছয়টা ডবা লাইনচ্যুত! দুৰ্ঘটনাৰ ফলত ব্যাহত ৰে’ল সেৱা , তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ বিবিনগৰৰ সমীপত বুধবাৰে পুৱতি নিশা ১২৭২৭ নম্বৰৰ গোদাবৰী এক্সপ্ৰেছৰ ছয়টা ডবা লাইনচ্যুত হয় । অবশ্যে ৰে’লে কতৃপক্ষই জনোৱা মতে সকলো যাত্ৰী সুৰক্ষিত। ৰে’লেৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে, ৰে’লখন বিশাখাপট্টনমৰ পৰা হায়দৰাবাদলৈ গৈ আছিল।লাইনচ্যুত ডবাবোৰ পৃথক কৰি যাত্ৰীসকলক স্থানান্তৰ কৰাৰ লগতে যাত্ৰীসকলৰ পৰিয়ালৰ সাহায্যাৰ্থে হেল্পলাইন নম্বৰ ০৪০ ২৭৭৮৬৬৬৬ মুকলি কৰা হৈছে । এই দুৰ্ঘটনাৰ পাছতে বাতিল কৰা হৈছে একাধিক ৰে’লৰ চলাচল। কিছু সংখ্যক ৰে’ল ভুৱনাগিৰি, বিবিনগৰ আৰু ঘাটকেচৰ ৰে’লেৱে ষ্টেচনত ৰখাই দিয়া হৈছে।

You might also like
Leave A Reply

Your email address will not be published.