বিধ্বংসী ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ডক

বিধ্বংসী চাইক্লোন গেব্ৰিয়েলৰ মাজতেই আন এক প্ৰাকৃতিক দুৰ্যোগৰ কবলত নিউজিলেণ্ড

ইণ্টাৰনেচনেল ডেস্ক:

বিধ্বংসী চাইক্লোন গেব্ৰিয়েলৰ মাজতেই আন এক প্ৰাকৃতিক দুৰ্যোগৰ কবলত নিউজিলেণ্ড। বুধবাৰে সন্ধিয়া ৭:৩৮ বজাত ভয়ংকৰ ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ডক। দেশখনৰ ৱেলিংটনৰ সমীপত অনুভূত হয় এই শক্তিশালী ভূমিকম্প। ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। বৃহৎ জোকাৰণিৰ পিছতো কমেও ৩০ ছেকেণ্ডৰ বাবে মজলীয়া কম্পন অব্যাহত থাকে। ভূমিকম্পটোৰ উৎপত্তিস্থল পাৰাপাৰাউমুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে ভূপৃষ্ঠৰ ৭৬ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.