কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান

নেচনেল ডেস্ক, এন ই ভাৰত-

কিংবদন্তি অভিনেতা দিলীপ কুমাৰ আৰু নাই। ‘জোৱাৰ ভাটা’ৰ পৰা ‘কিলা’লৈ বৰ্ণাঢ্য অভিনয় জীৱন সামৰি ৯৮ বছৰ বয়সত আজি হিন্দুজা হস্পাটালত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰখ্যাত অভিনেতা গৰাকীয়ে। শ্বাস প্ৰশ্বাস জনিত ৰোগত ভুগি আছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ এই বটবৃক্ষই। পদ্মশ্ৰী,পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে ধৰি অজস্ৰ সন্মানেৰে সন্মানিত অভিনেতা গৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে দেশ-বিদেশৰ শত-সহস্ৰ চলচ্চিত্ৰ অনুৰাগী। কিংবদন্তি অভিনেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।।

You might also like
Leave A Reply

Your email address will not be published.