শেষ যুদ্ধত আৰ্জেন্টিনা বনাম ব্ৰাজিল

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাত আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ ফাইনেলত প্ৰবেশ। আৰ্জেণ্টিনা আৰু কল’ম্বিয়াৰ মাজত অনুস্থিত ছেমিফাইনেলত পেনাল্টিৰ সহায়ত ৩-২ গ’লৰ ব্যৱধানত আৰ্জেন্টিনা জিকিবলৈ সক্ষম হয়।আৰ্জেন্টিনাৰ গ’লৰক্ষক এমি মাৰ্টিনেজে প্ৰতিপক্ষৰ ৩ টাকৈ কঠিন গ’লৰ পৰা দলক ৰক্ষা কৰি খেলখনৰ নায়কত পৰিনত হয়।প্ৰতিযোগীতাৰ আন এখন ছেমিফাইনেলত ব্ৰাজিলে পেৰুক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। ব্ৰাজিলৰ হৈ নিৰ্ণায়ক গ’লটো দিয়ে লুকাছ পেকুটাই।

You might also like
Leave A Reply

Your email address will not be published.