ইণ্টাৰনেচনেল ডেস্ক:
উৎকট গৰমত দহিছে উত্তৰ আমেৰিকাৰ দেশ মেক্সিকো। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চৰম উষ্ণতাৰ বাবে দেশখনত মৃত্যু হয় ১১২ গৰাকী লোকৰ । এই তথ্য সদৰি কৰে দেশখনৰ স্বাস্থ্য সচিবালয়ে। স্বাস্থ্য সচিবালয়ৰ প্ৰতিবেদন অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যখন হৈছে মেক্সিকোৰ নুৱেভ’ লিঅ’ন। ৰাজ্যখনত এতিয়ালৈকে মৃত্যু হৈছে ৬৪ গৰাকী লোকৰ। সমগ্ৰ তামাউলিপাছ, ভেৰাক্ৰুজ, টাবাস্কো, অ’আক্সাকা, কুইন্টানাৰু, ছ’নোৰা আৰু কেম্পেচেতো ভালেসংখ্যক লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। আনহাতে, খবৰ অনুসৰি এই সময়ছোৱাত উষ্ণতাজনিত সমস্যাৰ বাবে কমেও ১৫৫৯ গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে।
উল্লেখযোগ্য যে,মেক্সিকোত যোৱা দহ দিনত অভিলেখ ভংগকাৰী উষ্ণতা বৃদ্ধি পোৱা দেখা গৈছে।।