মধ্য প্ৰাচত যুদ্ধৰ দামামাৰ মাজতে ভাৰতে অব্যাহত ৰাখিছে ‘অপাৰেচন অজয়’

শেহতীয়াকৈ ২৭৪ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে চতুৰ্থখন বিমান উপস্থিত হৈছে নতুন দিল্লীত

নিউজ ডেস্ক:

ধ্য প্ৰাচত যুদ্ধৰ দামামাৰ মাজতে ভাৰতে অব্যাহত ৰাখিছে ‘অপাৰেচন অজয়’। শেহতীয়াকৈ ২৭৪ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে চতুৰ্থখন বিমান উপস্থিত হৈছে নতুন দিল্লীত। দেওবাৰে ইজৰাইল-হামাছৰ সংঘাতৰ মাজতে ইজৰাইলৰ পৰা নতুন দিল্লী বিমানবন্দৰত ভাৰতীয় নাগৰিকক লৈ উপস্থিত হৈছে বিশেষ বিমানখন। খবৰ মতে, ‘অপাৰেচন অজয়’ আৰম্ভ হোৱাৰে পৰা এয়া চতুৰ্থটো উদ্ধাৰ অভিযান।

৭ অক্টোবৰত হামাছৰ উগ্ৰপন্থীয়ে ইজৰাইলৰ চহৰসমূহত কৰা অতৰ্কিত আক্ৰমণৰ পিছত স্বদেশলৈ উভতি আহিব বিচৰা ভাৰতীয় নাগৰিকসকলৰ সুবিধাৰ বাবে ১২ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছিল এই অভিযান। ইয়াৰ পূৰ্বে টেল আভিভত থকা ভাৰতীয় দূতাবাসে শনিবাৰে বেন গুৰিয়ান বিমানবন্দৰৰ পৰা দুখন বিশেষ বিমান চলাচল কৰিব বুলি ঘোষণা কৰিছিল। প্ৰথমখন বিমান স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৫.৪০ বজাত ৰাওনা হোৱাৰ বিপৰীতে ২৭৪ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে দ্বিতীয়খন বিমানে স্থানীয় সময় অনুসৰি নিশা ১১.৪৫ বজাত উৰা মাৰিছিল। পুনৰ ১৯৭ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে তৃতীয়খন বিমান স্বদেশলৈ ৰাওনা হৈছিল স্থানীয় সময় অনুসৰি সন্ধিয়া ৫.৪০ মান বজাত।।

You might also like
Leave A Reply

Your email address will not be published.