▶️১৮৬২ চনৰ আজিৰ দিনটোতেই ম্যানমাৰত বন্দী অৱস্থাত বাহাদুৰ শ্বাহ (দ্বিতীয়)ৰ মৃত্যু।তেওঁৰ মৃত্যুৰ লগে লগে সুদীৰ্ঘ বছৰীয়া মোগল সাম্ৰাজ্যৰো অন্ত পৰে।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ এই দিনটোতেই ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ এই দিনটোতেই ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ আৰু অক্টোবৰ বিপ্লৱৰ সূচনা।জাৰৰ শাসনৰ অৱসান।
▶️১৯১৯ চনৰ এই দিনটোতেই অসমৰ লোককলা আৰু লোকসংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ খ্যাতিসম্পন্ন অভিনেতা কামাল হাছানৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই নেলছন মাণ্ডেলাক পাঁচ বছৰৰ কাৰাদণ্ড। পিছত ১৯৬৪ চনত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কাৰাদণ্ডত পৰিনত।
▶️১৯৭৫ চনৰ এই দিনটোতেই ৰাজ্যসমূহলৈ অধিক বিদ্যুৎ সৰবৰাহৰ উদ্দেশ্যে ভাৰতত নেচনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন গঠিত।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ৰোনাল্ড ৰিগান পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।
▶️১৯৮৮ চনৰ এই দিনটোতেই ছলমান ৰুশ্বডিৰ ‘দা ছাটানিক ভাৰ্ছেছ’ শীৰ্ষক উপন্যাসখনে ইছলাম ধৰ্মক অৱমাননাৰ অভিযোগত ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লা খোমেইনীৰ দ্বাৰা ৰুশ্বডিৰ মৃত্যুদণ্ডাদেশ জাৰি।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰীয় মৰ্চাৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাত তদানীন্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ কেৱল আস্থাৰ ভোট লোৱাৰ বাবে লোকসভাত এদিনীয়া নজিৰবিহীন অধিৱেশন আহ্বান। আস্থাৰ ভোটত বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ পৰাজিত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শিল্পী-অভিনেতা মাখন দেৱানৰ মৃত্যু।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই লেখক-অৰ্থনীতিবিদ ভূবন বৰুৱাৰ মৃত্যু।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৭ নৱেম্বৰ
Prev Post
Next Post
You might also like