প্ৰাক্তন ৰাষ্ট্ৰপতি জুমাৰ শাস্তিয়ে জোকাৰিছে দঃ আফ্ৰিকাক

ইন্টাৰনেচনেল ডেস্ক-

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক তেওঁৰ শাসন কালত সংঘটিত কৰা দূৰ্নীতিৰ বাবে আদালতে দিয়া ৰায়দানক অৱমাননাৰ শাস্তিৰূপে ১৫ মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ কাৰাদণ্ডৰ শাস্তিৰ পিছতে দেশখনত সংঘটিত হয় হিংসাত্মক ঘটনা। এই হিংসাত্মক ঘটনা দুখন প্ৰদেশৰ চহৰাঞ্চলত বিয়পি পৰাৰ লগতে সংঘটিত হৈছে লুন্ঠনৰ ঘটনা। মঙ্গলবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ লৈ বৃদ্ধি পাইছে। দোকান লুন্ঠনৰ সময়ত বহুলোকে পদদলিত হৈও মৃত্যু বৰণ কৰে।

ইফালে, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ কাৰাবাসৰ ফলত সংঘটিত হোৱা হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু সামৰিক বাহিনীয়ে এই অনিয়ন্ত্ৰিত লোক সকললৈ নিক্ষেপ কৰে ষ্ট’ন গ্ৰেনেড আৰু ৰবৰ বুলেট। ইতিমধ্যে ১,২০০ ৰো অধিকলোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাপ্ত খৱৰ মতে, উদণ্ড অনিয়ন্ত্ৰিত লোক সকলে এটা কমিউনিটি ৰেডিঅ’ ষ্টেচন লণ্ডভণ্ড কৰাৰ উপৰিও কিছুমান কোভিড-১৯ টিকাকৰণ কেন্দ্ৰও বলপূৰ্বকভাৱে বন্ধ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.