‘এখুদ ককাইদেউ’লৈ শ্ৰদ্ধাঞ্জলি

✍প্ৰজন্মা চহৰীয়া-

“একোকে নাখাওঁ আজি
একেবাৰে ভোক নাই,
আছে যদি আধা সেৰ
চিৰা দিবি ভাল চাই…..॥”
পাঠশালাত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ অন্তৰ চুই যোৱা এটি কবিতা “লঘোণ”। কেৱল পাঠশালাৰ শিক্ষাৰ্থীয়ে নহয়, ডেকাৰ পৰা বুঢ়ালৈ সকলোৰে এটি আদৰৰ কবিতা “লঘোণ”। এই কবিতাটোৰ পৰাই আৰম্ভ হয় এগৰাকী প্ৰসিদ্ধ কবি তথা সাহিত্যিকৰ সৈতে প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰস্পৰ্শী সম্পৰ্ক। এখুঁদ ককাইদেউ অৰ্থাৎ নৱকান্ত বৰুৱা। অসমৰ সাহিত্য জগতক উল্লেখনীয় বৰঙণিৰে চহকী কৰা নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত । আজি তেখেতৰ স্মৃতি দিৱস। আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰা নৱকান্ত বৰুৱাৰ কাব্য গ্ৰন্থত পোৱা যায় কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তু। “মনত পৰেনে অৰুন্ধতি”ৰ জৰিয়তে প্ৰেমক তেওঁ প্ৰদান কৰিছিল বিশেষ মাত্ৰা। উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ.কে মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে বৰ্ণিল কৰ্মজীৱন আৰম্ভনি কৰা নৱকান্ত বৰুৱাই ১৯৮৪ চনত কটন মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭৬ চনত তেওঁক প্ৰদান কৰা হৈছিল পদ্মভূষণ, ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৭৫ চনত সাহিত্য অকাডেমি, ১৯৯৮ চনত কমল কুমাৰী বঁটাৰ লগতে বহুতো উল্লেখনীয় সন্মান। অসমৰ সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা নৱকান্ত বৰুৱাই ২০০২ চনৰ ১৪ জুলাইত ইহসংসাৰৰ পৰা মেলানি মাগে। তেখেতৰ সৃষ্টিয়ে আজিও প্ৰতিগৰাকী অসমীয়াৰ অন্তৰআত্মা জগাই তোলে।

You might also like
Leave A Reply

Your email address will not be published.