নিউজ ডেস্ক:
গুৱাহাটী অভিমুখী ইণ্ডিগো বিমানৰ ঢাকাত জৰুৰীকালীন অৱতৰণ। শনিবাৰে পুৱা প্ৰায় ৪ বজাত বাংলাদেশৰ ঢাকা আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে 6E 5319 ইণ্ডিগো বিমানখনে।
ঘন কুঁৱলীৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰিলে বিমানখনে।
খবৰ মতে, বিমানখনৰ অন্যতম যাত্ৰী আছিল মুম্বাই যুৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুৰজ সিং ঠাকুৰ।ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ ইম্ফললৈ আহিছিল যুৱনেতাজন।।