আজি ১৩ জানুৱাৰী

আজি ১৩ জানুৱাৰী

➡️১৭০৯ মোগল সম্ৰাট প্ৰথম বাহাদুৰ শ্বাহৰ হায়দৰাবাদ দখল।
➡️১৯০৫ সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম।
➡️১৯২১ আইৰিছ ঔপন্যাসিক জেমছ জয়ছৰ মৃত্যু।
➡️১৯৩৭ সাহিত্যিক ৰংবং তেৰাঙৰ জন্ম।(মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট মতে তেৰাঙৰ জন্ম তাৰিখ ১৯৪৪ চনৰ ৩১ ডিচেম্বৰ)
➡️১৯৪৮ সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে মহাত্মা গান্ধীৰ কলকাতাত অনশন আৰম্ভ।
➡️১৯৫৭ এছিয়াৰ দীৰ্ঘতম বান্ধ উৰিষ্য়াৰ হীৰাকুঁদ বান্ধ উদ্বোধন। বান্ধটোৰ দৈৰ্ঘ্য ৪,৮০০ মিটাৰ, উচ্চতা ৬০ মিটাৰ।
➡️১৯৬১ সত্যৱন্ত মালান্না শ্ৰীনাগেশৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৬২ চনৰ ৭ ছেপ্টেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮২ কেশৱ চন্দ্ৰ গগৈৰ অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰে ১৯ মাৰ্চলৈকে তেওঁ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯৩ মৈত্ৰী বাহিনীৰ ইৰাকত বোমাবৰ্ষণ।
➡️২০০২ চীনা প্ৰধান মন্ত্ৰী ঝুং ৰং জিৰ ভাৰত ভ্ৰমণ।
➡️২০০৩ এল কে আদৱানিৰ গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বীচ্চ ফেষ্টিভেল উদ্বোধন।
➡️২০০৭ বিশ্বৰ প্ৰখম টেষ্টটিউব বেবী লুইজ জয় ব্ৰাউনৰ (২৮) মাতৃত্ব লাভ।

You might also like
Leave A Reply

Your email address will not be published.